অসম আৰক্ষীৰ চাকৰীক লৈ চলিছে দৰ দাম- চাৰি লাখ টকা লৈকে উঠিছে দৰ?

Share on Social Media

অসম আৰক্ষীৰ চাকৰীক লৈ চলিছে দৰ দাম- চাৰি লাখ টকা লৈকে উঠিছে দৰ?

State Level Police Recruitment Board if Assam (SLPRB) ৰ অধীনত হ’ব লগা উপ আৰক্ষী অধীক্ষক পদৰ বাবে হ’ব লগা লিখিত পৰিক্ষাৰ দিন ইতিমধ্যে ঠিক হৈছে। অহা ২০ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্য খনতে একেলগে অনুষ্ঠিত হ’ব এই পৰীক্ষা। তাৰ বাবে ৰাজ্যৰ বহুতো যুবক যবতীয়ে প্ৰস্তুতি চলাই আছে। কিন্তু এনে সময়তে আহি পৰিছে এটা দুখজনক আৰু লজ্জাজনক খবৰ। এই খবৰ অনুসৰি জানিব পৰা গৈছে যে অসম আৰক্ষীৰ এই উপ আৰক্ষী অধীক্ষক পদৰ নিযুক্তিত জড়িত হৈ পৰিছে এটা বিশেষ দালাল চক্ৰ।

এটা Social Media News Portal “D News” ৰ এটা বাতৰি মতে উপ আৰক্ষী অধীক্ষক পদৰ বাবে ৪ লাখ টকা লৈকে দৰ দাম চলিছে। আৰু এই বাবেই চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল তথা হ’ব লগীয়া পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যুবক যুবতী সকল। চৰকাৰে কোৱা শূন্য সহনশীলতা থকাৰ পাছতো কেনেদৰে ৰাজ্যৰ খোদ আৰক্ষী বিভাগটোতেই এনেদৰে এটা দালাল চক্ৰ জড়িত হৈ পৰিছে সেইয়া চিন্তাৰ বিষয়।

D News Web Portal টোৱে চলোৱা এটা ষ্ট্ৰিং অপাৰেচনত এই কথা বোৰ পোহৰলৈ আহিছে। D News ক এই ক্ষেত্ৰত সহায় কৰিছিল অসমৰ কেইবা গৰাকীও যুবক যুবতীয়ে। তেওঁলোকৰ পৰিচয় গোপন ৰাখি D news এ এই কথা প্ৰকাশ কৰে। ৱেব পৰ্টেলটোৰ এটা ভিডিওত দেখুওৱা মতে দালাল চক্ৰতোৰ লগত ফোন যোগে কথা পাতে আৰু ফোনৰ দ্বাৰাই টকাৰ কথা প্ৰকাশ কৰে। D News ৰ ফেচবুক পেজটোত দালালৰ লগত ফোনযোগে হোৱা কথা বতৰা বোৰো প্ৰকাশ কৰে।

D News ৰ বাতৰিটো চাবৰ বাবে ইয়াত ক্লিক কৰক 👈

Books You Should Buy

Quantitive Apptitude             
General Knowledge                   
General English                   

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *