ইউটিউবাৰ বিকাশ চেট্টীৰ সদৌ অসম বাইক যাত্ৰা।

Share on Social Media

ফেমাচ ইউটিউবাৰ তথা ভ্লগাৰ “I love travel and food” নামৰ ইউটিউব চেনেলৰ গৰাকী বিকাশে অলপতে গোটেই অসম জুৰি বাইক ৰাইদিং কৰিবলৈ মন মেলি তেওঁৰ যাত্ৰা আৰম্ভ কৰে। প্ৰথমতে নামনি অসমলৈ যাত্ৰা আৰম্ভ কৰে আৰু অসমৰ একেবাৰে বাংলাদেশ সীমান্তত তেওঁৰ যাত্ৰা শেষ কৰি নিজৰ বাসস্থান গুৱাহাটীলৈ ঘুৰি আহে। যোৱা চেপ্তেম্বৰ মাহৰ ২৭ তাৰিখে তেওঁ নিজৰ চেনেলত “অল আচাম ৰাইদৰ” প্ৰথমটো ভিডিও আপলোড কৰে। তেওঁৰ এই যাত্ৰাত তেওঁৰ দুজনমান বন্ধু তেওঁৰ সংগী হয়। ইয়াৰ মাজতে SBN Vlogs ইউটিউব চেনেলৰ গৰাকীও বিকাশৰ লগত থাকে।

উল্লেখযোগ্য যে এই যাত্ৰা কালত তেওঁ শুভাকাঙ্ক্ষী আৰু আৰু অনুৰাগী সকলে উষ্ম আদৰণি জনাই। অনুৰাগী সকলৰ এই মৰমত বিকাশ চেট্টী উৎফুল্লিত দেখা যাই। নামনিৰ পৰা উজনি অসমলৈ মানে নিজৰ ঘৰলৈ ঘুৰি অহাৰ দিনা ১ অক্টোবৰ তাৰিখে চিজন ওৱানৰ শেষৰটো ভিডিও (Ep. 5) আপলোড কৰে।

তাৰ পাছত কেইদিন মানৰ বিৰতি লৈ পুনৰ তেওঁ যাত্ৰা আৰম্ভ কৰে উজনি অসম অভিমুখে। আৰু ১৫ অক্টোবৰৰ দিনা বিকাশে গুৱাহাটী, মৰিগাঁও আৰু নগাওঁ পাৰ হৈ তেজপুৰ পায়, আৰু তাৰ পৰাই অল আচাম ৰাইডৰ চিজন টু’ৰ প্ৰথমটো ভিডিও আপলোড কৰে। এইবাৰও তেওঁৰ সহযোগী ৰাইদাৰ হিচাপে থাকে তেওঁৰ বন্ধু কেইজন। চিজন টুত ও বিকাশে তেওঁৰ অনুৰাগী সকলৰ পৰা যঠেষ্ট মৰম পাবলৈ সক্ষম হয়। তাৰ পাছত বিকাশ আৰু তেওঁৰ বন্ধু কেইজনে লখিমপুৰলৈ ৰাওনা হয়। লখিমপুৰতে অন্য এজন সফল ইউটিউবাৰ তথা “চিনেমেটিক শ্বট্ ৰ বাবে প্ৰখ্যাত বিতুপন শইকীয়াৰ সৈতে লগ হয়। এই প্ৰতিবেদন প্ৰস্তুত কৰা দিনটোত বিকাশে চিজন টু’ৰ দ্বিতীয়টো ভ্লগ আপলোড কৰে। ভিডিওটোৰ পৰা জনা মতে বিকাশ আৰু তেওঁৰ বন্ধু কেইজনে বিতুপন শইকীয়াৰ লগ লাগি লখিমপুৰত ভ্ৰমণ কৰিব। তাৰ পাছত ক্ৰমান্বয়ে তিনিচুকীয়া হৈ ডিব্ৰুগৰ, শিৱসাগৰ, যোৰহাটৰ মাজেৰে গোলাঘাট জিলাত কাজিৰঙা চাই নিজ গৃহাভুমিখী হ’ব।

যদি আপোনালোকে বিকাশ চেট্টীৰ ভিডিও আজিলৈকে চোৱা নাই তেন্তে তলৰ লিংকত ক্লিক কৰিব পাৰে।

যদি আপোনালোকে আমাৰ প্ৰতিবেদন সমুহ পঢ়ি ভাল পাই তেন্তে আমাৰ ফেচবুক পেইজটো লাইক কৰি ফ’ল’ কৰিবলৈ নাপাহৰিব।

2 thoughts on “ইউটিউবাৰ বিকাশ চেট্টীৰ সদৌ অসম বাইক যাত্ৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *