Share on Social Media

দিম্পু বৰুৱা প্ৰাগ নিউজত

বৰ্তমান সময়ত সকলো ফালেই ইন্টাৰনেটৰ ব্যবহাৰ হৈ আছে। আৰু আজিৰ এই পৃথিৱীত ইন্টাৰনেটৰ অবিহনে সময় বোৰ কল্পনাই কৰিব নোৱাৰি। সৃষ্টিৰ সময়ৰে পৰা ইন্টাৰনেটৰ বাবে কিছু কিছু সমস্যা দেখা দিলেও ইয়াৰ উপকাৰৰ তুলনাত অপকাৰ তেনেই সিমিত। নজনা কথা জনাৰ পৰা আৰম্ভ কৰি চাব নোপোৱা কথা লৈকে, নেদেখাৰ পৰা নুশানা লৈকে সকলোবোৰেই বৰ্তমান ইন্টাৰনেটত উপলব্ধ। আজিৰ প্ৰজন্মই ইন্টাৰনেটৰ পৃথিৱী খনৰ পৰা কেৱল মনোৰঞ্জনৰ বাবেই নলৈ নিজৰ কেৰিয়াৰৰ সপোন দেখিছে।

ইন্টাৰনেটৰে এটা গুৰুত্বপূৰ্ণ অৱদান ইউটিউব। ভিডিও চাৰ্ফিং প্লেটফৰ্ম ইউটিউবক আজিৰ প্ৰজন্মই খুউব গুৰুত্ব দিয়ে। ইউটিউবত নাই কি, সকলো পায়। এই প্লেটফৰ্মট ভিডিও আপলোড কৰি সমাদৰ লাভ কৰা জনো আজিৰ দিনত চিনেমাৰ চেলিব্ৰেটিতকৈ কম নহয়। কিয়নো এই ইউটিউবট দিয়া ভিডিওৰ বাবে লাখ-সহস্ৰ জনৰ সমাদৰ লাভ কৰাৰ লগতে উপাৰ্জন কৰিব পাৰে টকা। আৰু সেই বাবেই আজিৰ প্ৰজন্মৰ এটা ভাল লগা ইচ্ছা হ’ল এজন ইউটিউব ক্ৰিয়েটৰ হোৱা।

অসমৰ এজন ইউটিউবাৰ যাৰ মুখ খন সকলোৰে চিনাকি। নাম “দিম্পু বৰুৱা” নলবাৰী জিলাৰ বাস কৰা সকলোৰে মৰমৰ।

্

উজনিৰ পৰা নামনিলৈ তেওঁক চিনি নোপোৱা মানুহ হয়টো নোলাব। ইউটিউবৰ পৰাই তেওঁ আৰম্ভ কৰিছে নতুনৰ যাত্ৰা। অসমৰ সকলোতকৈ ডাঙৰ একক ভাবে ভিডিও বনোৱা জনেই হ’ল দিম্পু। ইউটিবৰ পৰাও যে বনাব পাৰি এটা কেৰিয়াৰ তাৰেই নিদৰ্শন তেওঁ। আৰু সেই বাবেই দিম্পু বৰুৱা আৰু তেওঁৰ ভিডিও চাই ভালপোৱা সকলৰ বাবে আছে এটা ভাল খবৰ। ইন্টাৰনেটৰ যোগেদিয়েই এখন চিনাকি মুখ পোৱা দিম্পু বৰুৱাক আপোনালোকে দেখিবলৈ পাব টিভিৰ স্ক্ৰিনত। প্ৰাগ নিউজ নামৰ চেনেল টোত ১৯ চেপ্তেম্বৰৰ সন্ধ্যা ৭.৪৫ ৰ পৰা আৰম্ভ হ’ব “পৰিচয়” নামৰ এটা অনুষ্ঠান। আৰু এই অনুষ্ঠান টোতে ঘোষক হিচাপে দেখিবলৈ পাব আপোনাৰ মৰমৰ দিম্পু বৰুৱাক। এই কথা তেওঁ তেওঁৰ ইনষ্টাগ্ৰামৰ জড়িয়তে প্ৰকাশ কৰে।

যদি আপোনালোকে আমাৰ আপডেট পঢ়ি ভাল পালে তেন্তে ইয়াত ক্লিক কৰি আমাৰ ফেচবুক পেজটো লাইক কৰি ল’ব। আৰু আমাৰ পোষ্ট সমুহ পাই থাকিবলৈ পেজ চেটিংত See at first কৰি ল’ব।