আপুনি ক্ষীণ নেকি? শকত কেনেকৈ হ’ব?

Share on Social Media

এটা সুস্থ শৰীৰত হে এটা সুস্থ মনে বাস কৰে। আৰু এটা সুস্থ শৰীৰ মানে হৈছে এক নিৰ্দিষ্ট পৰিমাণৰ ওজন আৰু মাংসপেশীৰ সমাহাৰ। গতিকে এটা সুস্থ শৰীৰ বৰ্তাই ৰাখিবলৈ আমাৰ শৰীৰটোক লাগিব যঠেষ্ট কেলৰী। আৰু এই কেলৰী লাভ কৰা হয় হয়, আহাৰৰ পৰা। সেই বাবে আমি নিয়মিত পৰিমাণৰ সুষম আহাৰ গ্ৰহণ কৰিব লাগে।

আমাৰ শৰীৰে এক সপ্তাহত প্ৰায় ২২৭ গ্ৰাম মাংসপেশী প্ৰস্তুত কৰিব পাৰে। সেইবাবে আমি যদি জোখতকৈ বেছি কেলৰী থকা আহাৰ গ্ৰহণ কৰো, অতিৰিক্ত খাদ্য খিনি দেহত চৰ্বি হিচাবে জমা হয়। এটা গৱেষণাত পোৱা গৈছে যদি আমি ব্যায়াম কৰাৰ ২০ মিনিট আগত প্ৰটিন গ্ৰহণ কৰো দেহত মাংসপেশী গঠন হোৱাত সহায় হয়।

আমি কেনেদৰে আহাৰ গ্ৰহণ কৰিব লাগে তাৰ কিছুমান নিয়ম তলত দিয়া হৈছে।

১. ৰাতিপুৱাৰ আহাৰঃ

ৰাতিপুৱাৰ আহাৰে আমাক এক বৃহৎ পৰিমানৰ শক্তি প্ৰদান কৰে আৰু আমাক দিনৰ আহাৰ লোৱাসময়লৈ আমাক শক্তিশালি কৰি ৰাখে । ৰাতিপুৱাৰ আহাৰত আমি কণী,ফলৰ ৰস, মাহ জাতিয় খাদ্য আদিখাব লাগে। ই আমাক দিনটোৰ এক সুন্দৰ আৰম্ভনি দিয়ে ।

২. প্ৰতি ৩ ঘণ্টাৰ মূৰত আহাৰঃ

শুদ্ধ সময়ত সঠিক খাদ্য খোৱাটো আমাৰ বাবে বহুত উপকাৰি কিন্তু এনে কৰা বহুত কঠিন । ইয়াৰ এক সহজ উপায় হ’ল আমি পুৱা,আবেলি আৰু গূধলি সদায় একে সময়তে আহাৰ ল’ব লাগে আৰু মাজত দুকাপ চাহ খাব লাগে । ই আমাক আমাৰ মাংসপেসী বৃদ্ধি হোৱাত সহায় কৰে । সেয়ে আমি সদায় সঠিক খাদ্য সঠিক সময়ত খাব লাগে ।

৩.প্ৰটিন এক উৎকৃষ্ট উপাদানঃ

প্ৰটিনে আমাৰ মাংসপেসী বৃদ্ধি হোৱাত সহায় কৰে ।তাৰ বাবে আমি ২০০ গ্ৰাম প্ৰটিন দিনটোত ল’ব লাগে। তাৰ বাবে তলত দিয়া আহাৰ খাব লাগে,
• মাছ
• মাংস
• কণী
• গাখীৰ
• সেউজীয়া শাক – পাচলি
৪.প্ৰতিবাৰ আহাৰৰ লগত ফল-মূলঃ
ফল-মূলে আমাৰ শৰীৰলৈ ভিটামিনৰ লগতে আন উপাদানো দিয়ে আৰু আমাৰ খাদ্য হজম হোৱাত সহায় কৰে ।

৫। কাৰ্বহাইড্ৰেট জাতীয় খাদ্য কেৱল ব্যায়ামৰ পাছতঃ

আমাৰ শৰীৰত শক্তি পাবৰ কাৰণে কাৰ্বহাইড্ৰেট বা শৰ্কৰাৰ প্ৰয়োজন হয়। কিন্তু বেছিকৈ কাৰ্বহাইড্ৰেট গ্ৰহণ কৰাটোও বেয়া। কেৱল মাত্ৰ ব্যায়াম কৰাৰ পাছত হে কাৰ্বহাইড্ৰেট গ্ৰহণ কৰিব লাগে।

৬। পানী খাওকঃ

পানীয়ে আমাৰ শৰীৰৰ মাংসপেশী গঠন হোৱাত যঠেষ্ট পৰিমাণে সহায় কৰে। লগতে পানীয়ে শৰীৰটো ঠান্ডা কৰি ৰাখে।

৭। সুষম খাদ্যঃ

আপুনি দিনটোত যিমান খাদ্য গ্ৰহণ কৰে তাৰ ৯০ শতাংশ সুষম খাদ্য খাওক। কিয়নো সুষম খাদ্যই হে আপোনাৰ শৰীৰত প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰে।
যেনেঃ তাজা মাংস, মাছ, কণী, শাক পাচলি, ফলমুল, ভাত, অ’টচ্ ইত্যাদি।

প্ৰতিসাজ খাদ্যতে ফলমুল গ্ৰহণ কৰক।

যদি আপোনালোকে আমাৰ প্ৰতিবেদন বোৰ পঢ়ি ভাল পাই তেনেহলে এই 👉 লিংকটোত ক্লিক কৰি ফেচবুকৰ পেজ খন লাইক কৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *