আচৰিত গছ এইবোৰ?

Share on Social Media

আচৰিত গছ এইবোৰ !!

আমাৰ এই সুন্দৰ পৃথিৱী খনত চাৰি লাখতকৈও অধিক প্ৰজাতিৰ গছ-গছনি তথা উদ্ভিদ পোৱা যাই। কিন্তু কিছুমান এনে ধৰণৰ উদ্ভিদ আছে যিবোৰ হয়তো নিজ চকুৰে নেদেখিলে আপুনি বিশ্বাস কৰিবলৈ টান পাব।

আহক আমি এই আছৰিত ধৰণৰ গছ গছনি বোৰৰ লগত চিনাকি হওঁ।

১। বেচ্ বল প্লান্ট (Baseball plant) :

Baseball plant

ইওফৰ্বিয়া প্ৰজাতিৰ এই গছবিধ পোৱা যায় দক্ষিণ আফ্ৰিকা মহাদেশত। এই গছজোপা দেখিবলৈ এক্কেবাৰে বল এটাৰ দৰে। এই গছজোপা অতি দুৰ্লভ প্ৰজাতিৰ। দেখিবলৈ মনোমোহা হোৱা স্বত্বেও গছজোপা কিন্তু অতি ভয়ানক। কিয়নো এই বলৰ দৰে গছজোপাত বিহ সোমায় থাকে, যি মানুহৰ বাবেও বিপদজনক।

২। চাইক’ট্ৰিয়া প্লান্ট (Psychotria)

psychotria tree

এই গছজোপাক ৰেড লিপ্ ফ্লাৱাৰ বুলিও জনা যাই। কিয়নো এই বিশেষ গছজোপাত ফুলা ফুল বোৰ দেখিবলৈ সাইলাখ এগৰাকী নাৰীৰ সুন্দৰ ওঁঠ দুটিৰ দৰে। মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা এই ফুলৰ গছজোপা প্লান্টি প্ৰজাতিৰ অন্তৰ্গত। নিজৰ সৌন্দর্যৰ বাবেই এই গছজোপা পৃথিৱী বিখ্যাত। এই চাইক’ট্ৰিয়া গছজোপাও অতি দুৰ্লভ। এই গছজোপাৰ যঠেষ্ট ঔষধি গুণ আছে। কাণৰ বেমাৰ, কাঁহ, আৰু চালৰ বেমাৰৰ বাবে এই গছজোপাৰ ফুলৰ পাহি আৰু পাতৰ পৰা দৰৱ প্ৰস্তুত কৰা হয়।

৩। মিল্ক মেলন ট্ৰি:

Milk melon tree

এই গছজোপা হৈছে এক প্ৰজাতিৰ লাও গছ। কিন্তু আছৰিত কথাটো হ’ল যে এই গছত লগা ফল বোৰ দেখিবলৈ মহিলাৰ বক্ষৰ দৰে। ওপৰৰ ফটোত মন কৰিলে দেখিব যে এই ফলবোৰৰ গুৰিৰ ফাললৈ স্তনৰ দৰে এটা ৰূপ লৈছে। নিজ চকুৰে নেদেখা মানুহে কেতিয়াও বিশ্বাস কৰিব নোৱাৰিব যে লাও এনেকুৱা থাকিব পাৰে।

৪। নেৰিফেন ট্ৰি: (Nerifan)

আজৱ পৃথিৱীৰ আজৱ কথা। আপুনি বিশ্বাস কৰিবনে যদি আপোনাক কোৱা হয় যে গছৰ পৰা মানুহৰ জন্ম হয়? ঠিকেই শুনিছে, থাইলেণ্ডত পোৱা এই নেৰিফেন নামৰ গছ জোপাত ছোৱালী আকৃতিৰ ফল লাগে। কিন্তু আছৰিত কথা এই যে গছজোপাৰ এই আছৰিত ধৰণৰ ফল লগাটোৰ বিষয়ে বিজ্ঞানী সকলেও একো ক’ব পৰা নাই। উল্লেখ যোগ্য যে এই গছজোপাৰ বিষয়ে বৌদ্ধধর্মৰ পৌৰাণিক কাহিনীত উল্লেখ আছে।

৫। দ্ৰেকুলা চিমিয়া (Drakula Simia)

drakula simia

এই গছজোপাৰ ফুল পাহ দেখিবলৈ বান্দৰ এটাৰ মুখ খনৰ দৰে। আমেৰিকাত পোৱা এই ফুলৰ গছজোপা অৰ্কিড প্ৰজাতিৰ উদ্ভিদ। ২০১৩ চন মানতে এই অৰ্কিড টো ইন্টাৰনেতত চৰ্চালৈ আহিছিল।

যদি আপোনালোকে আমাৰ আপডেট পঢ়ি ভাল পালে তেন্তে ইয়াত 👈 ক্লিক কৰি আমাৰ ফেচবুক পেজটো লাইক কৰি ল’ব। আৰু আমাৰ পোষ্ট সমুহ পাই থাকিবলৈ পেজ চেটিংত See at first কৰি ল’ব।

One thought on “আচৰিত গছ এইবোৰ?

Leave a Reply

Your email address will not be published. Required fields are marked *