“বাইদেউ, মোৰ বৰ ভয় লাগিছে অ’, মোক হত্যা কৰিব”

Share on Social Media

সুশান্ত সিং ৰাজপুত (SSR) মৃত্যুৰ তদন্তই ইতিমধ্যে বেলেগ মোৰ লৈছে। এই মৃত্যুৰ তদন্ত আৰম্ভ হোৱাৰ পাছতে মুকলি হৈছে আন কিছু অপৰাধৰ কথা। বলিউদৰ শিল্পী কলা কুশলী সকলৰ নাম জড়িত হৈ পৰিছে ড্ৰাগছ সেৱন তথা কেলেংকাৰীত। এই মৃত্যুৰ ঘটনাটোৰ লগত দেশৰ তিনিতা প্ৰখ্যাত সংস্থা ব্যস্ত আছে। এই সংস্থা তিনিতা CBI, NCB আৰু ED য়ে নিজৰ কাম কৰি গৈছে। অভিনেতা সুশান্তৰ মৃত্যুৰ তিনিটা মাহ পাৰহৈ যোৱাৰ পাছতো এতিয়াও কিন্তু মৃত্যুৰ কাৰণ সম্পর্কে একো তথ্য দিয়া নাই সংস্থা তিনিটাই। জুন মাহৰ আঠ তাৰিখে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী কিয় গৈছিল বা তাৰ পৰা অহাৰ পাছত কি ঘটনা সংঘটিত হৈছিল সেই বিষয়েও কোনো ধৰণেৰে মুখ খোলা নাই। মৃত্যুৰ আগেয়ে সুশান্তৰ ভগ্নী মিতু সিংক ফোন যোগে সহায় বিচাৰিছিল। “বাইদেউ, মোৰ বৰ ভয় লাগিছে অ’, মোক হত্যা কৰিব” মৃত্যুৰ খবৰ ওলোৱাৰ পাঁচ দিন আগত অভিনেতা গৰাকীয়ে বায়েকলৈ ফোন কৰি এনেদৰে কৈছিল।

“ৰিয়ালৈ ফোন কৰি আছো, তাই ৰিচিভ কৰা নাই। তাইৰ সৈতে জৰুৰী কথা আছে, মোক কোনোবাই মাৰি পেলাব” – এনেদৰে সুশান্তই ভগ্নীৰ আগত ব্যক্ত কৰিছিল।

CBI য়ে সুশান্তৰ সৈতে একেলগে থকা সিদ্ধাৰ্থ পৃথানীক সোধা পোছা কৰোতেও একেধৰণেই কৈছিল। অভিনেতা গৰাকীৰ PA দিশাৰ আত্মহত্যাৰ খবৰটো পোৱাৰ পাছত তেওঁ মুৰ্চা গৈছিল। আৰু সম্বিত ঘুৰি অহাৰ পাছতে “মোক মাৰি পেলাব” বুলি কৈ ভয় কৰিছিল। মুখত শংকাৰ চিন দেখা পোৱা সুশান্তই নিজৰ চিকিউৰিটি বঢ়োৱাৰ কথাও কৈছিল বুলি সিদ্ধাৰ্থই কয়।

যদি আপোনালোকে আমাৰ আপডেট পঢ়ি ভাল পালে তেন্তে ইয়াত 👈 ক্লিক কৰি আমাৰ ফেচবুক পেজটো লাইক কৰি ল’ব। আৰু আমাৰ পোষ্ট সমুহ পাই থাকিবলৈ পেজ চেটিংত See at first কৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *